জীৱিত কালতেই মৃত্যুৰ আনন্দ…

0

হঠাৎ ছ’চিয়েল মিডিয়াত ভাইৰেল; প্ৰাক্তন সাংসদ অজিত কুমাৰ ভূঞা আৰু নাই। জি এম চি এইছত বিভিন্ন ৰোগত আক্ৰান্ত হৈ ভূঞাৰ মৃত্যু।

সিদিনা আছিল মঙলবাৰ। Spondylitisত আক্ৰান্ত হৈ ঘৰতে জিৰণি লৈ আছিলোঁ। ফোনৰ পৰা দূৰৈত। মোবাইলটো এপলক খুলি চাই দেখিলোঁ, চিনাকি লোকৰ অজস্ৰ মিছ্ড কল। দুই চাৰিলৈ Call Back কৰিলোঁ। ভাইৰেল হোৱা খবৰৰ সত্যতা লাগে। মই ক’লোঁ, ভূঞা ছাৰৰ লগত থকা লক্ষ্যৰে মই যোগাযোগত আছোঁ। সকলো ঠিকেই আছে।

কথাখিনি কৈ আকৌ বহু বছৰ ধৰি ছাৰৰ ঘৰুৱা সহকাৰী হিচাপে থকা লক্ষ্যলৈ ফোন কৰিলোঁ।

লক্ষ্য, ছাৰ ঠিকেই আছেতো!

-আছে দাদা। অপাৰেচনলৈ যাওঁতে ছাৰে মোক চকু টিপ মাৰি কৈছে, মই অজিত কুমাৰ ভূঞা হয়। চিন্তা নকৰিবা।…

লক্ষ্যৰ কথা শুনি মোৰ উৎকণ্ঠা বাঢ়িল। (যিগৰাকী মোৰ সবাতোকৈ শ্ৰদ্ধাৰ সাংবাদিক গুৰু, তেওঁ মোক এদিন তেওঁৰ কাহিলিপাৰাৰ গৃহত কৈছিলঃ তোমাক মই মোৰ জীৱনৰ এটা দীঘলীয়া সাক্ষাৎকাৰ দিব বিচাৰোঁ। কেমেৰা-লাইট সকলো ময়েই ঠিক কৰি দিম। পিছত তোমাৰ কামত আহিব।

ইমান সুযোগ দিয়াৰ পাছতো ছাৰৰ ইন্টাভিউটো আজিলৈকে কৰিবলৈ মোৰ সময়েই নোলাল। নিজকে ধিক্কাৰ দিলোঁ। চকু সেমেকি গ’ল।)

-লক্ষ্য, এতিয়া ছাৰ ঠিকেই আছেনে নাই? বৰ উত্তেজনাৰেই সুধিলোঁ।

লক্ষ্যয়ো হাঁহি হাঁহিয়েই উত্তৰ দিলে- কুমাৰদা, ঠিকে আছে।

ইয়াৰ পিছদিনাই উপস্থিত হ’লোঁগৈ জিএমচিএইচত।

ICUৰ বেডত ছাৰ। দেখিয়েই হাত আগবঢ়াই দিলোঁ। কিন্তু চুব নোৱাৰোঁ তেওঁ মেলি দিয়া সোঁহাতখনি। মুখ-হাতলৈ চালোঁ। ICUবেডত সেয়া যেন শ্ৰদ্ধাৰ অজিত কুমাৰ ভূঞা নহয়; বলিউদৰ সেই থূলন্তৰ চেহেৰাৰ নায়ক ৰাজেশ খান্না শুই আছে। নাকত পাইপ। তাৰ মাজতো তেওঁৰ সেই আন্তৰিকতা ভৰা প্ৰশ্ন— সকলো ভালে আছেনে? ল’ৰা-ছোৱালী, পৰিবাৰ ভালে আছে!

-ছাৰ, সকলো ঠিকে আছে। আপুনি সোনকালে সুস্থ হওক। আকৌ আহি আছোঁ।…

ছাৰ আইচিউত থাকোঁতে আকৌ ভাইৰেল হৈছে তলৰ ফটোখন। লগত ভিক্টৰ দাস। ফটোত ভূঞা ছাৰৰ ওফন্দা পেট দেখি আমাৰ পদুম বৈদ্য(!)ই ফে’চবুকত আপডেটেই দি দিলে, ‘অজিৎ কুমাৰ ভূঞাৰ লিভাৰ ছিৰোছিছ হৈছে…।’ কৃষ্ণ!

সুযোগ পালেই বেপাৰ কৰাসকলে বুজিয়েই নাপালে যে ICU থকা অজিত কুমাৰ ভূঞাৰে এনে ফটো তুলিবলৈ জিএমচিএইচত কোনে অনুমতি দিব ভিক্টৰ দাসক?

জনাসকলে জানে ভিক্টৰ দাস এতিয়াও খোজ কাঢ়িব পৰা অৱস্থাত নাই। ভিক্টৰৰ এখন ভৰি ভাঙিছে। তাৰ পাছতো…

এগৰাকী স্বনামধন্য সাংবাদিক, প্ৰাক্তন সাংসদক জীৱিত অৱস্থাতেই মৃত্যুৰ খবৰ কোনে বিয়পাই দিলে? কোনে ভুৱা ফটো ভাইৰেল কৰিছে?

জীৱিত কালতেই মৃত অজিত কুমাৰ ভূঞা। ভূঞা ছাৰৰ অনুভৱ কি?

(জ্যেষ্ঠ সাংবাদিক কুমাৰজিত শৰ্মাৰ ৱালৰ পৰা।)

Leave A Reply

Your email address will not be published.