মুছলমানে তিৰোতা বেশেৰে আহি হিন্দুৰ…

0

তেতিয়া কামৰূপৰ অধিশ্বৰ খেন বংশৰ নীলাম্বৰ। ইতিমধ্যে এই বংশৰ দিনতেই প্ৰথমে বকটিয়াৰ খিলজী (১২০৪ চন), চুবেদাৰ গিয়াচুদ্দিনে ২য়বাৰ(১২২৮খ্ৰীঃ) আৰু ৩য়বাৰ ইখটীয়াৰ উদ্দিন মল্লিক যুজবেক(১২৫৬-৫৭)য়ে কামৰূপ আক্ৰমণ কৰিও সফল হ’ব পৰা নাছিল। ১ম, ২য় আক্ৰমণ খেন বংশৰ ৰজাসকলে মুছলমানক বীৰদৰ্পে কামৰূপ ভূমিত পৰাস্ত কৰিছিল। তৃতীয়টো যুজবেকৰ নেতৃত্বত হোৱা আক্ৰমণৰ অৱশ্যে মিশ্ৰিত আছিল।(পৰবৰ্তী লেখাত এই প্ৰসংগ থাকিব।)


পিছে খেন বংশী নীলাম্বৰ ৰজাৰ দিনত বংগৰ নবাবে চতুৰ্থটো কামৰূপ আক্ৰমণ কৰা ঘটনা প্ৰতি অসমীয়াই মনত ৰখাৰ নিশ্চয়কৈ প্ৰয়োজন আছে। কিয়নো এই আক্ৰমণৰ পৰা উত্তৰসূৰী অসমীয়াসকলে এক শিক্ষা লৈ স্বদেশ-স্বজাতিৰ সুৰক্ষাত পিছৰ কালৰ যুদ্ধ – বিগ্ৰহত মনোনিৱেশ কৰিছিল। আনকি শৰাইঘাটৰ বুৰঞ্জীপ্ৰসিদ্ধ ৰণত আহোম সেনাপতি লাচিত বৰফুনে আহোম-মোগল ‘কটকী’সকলৰ ভূমিকাত তীক্ষ্ণ নজৰ দিছিল।(বিচাৰিলে বিস্তৃত ৰূপত এয়াও লিখিম)।


১৪৯৮ চন। ৰজা নীলাম্বৰৰ এজন সেনাপতিৰ সহায়ত মুছলমানে চতুৰ্থবাৰৰ বাবে কামৰূপ আক্ৰমণ কৰে। দুয়ো পক্ষৰ তুমুল আক্ৰমণ -প্ৰত্যাক্ৰমণ। কেইবাদিনো যুদ্ধ। মুছলমান সেনা হাৰো হাৰো অৱস্থা। প্ৰায় পৰাজৰ দিশত গৌড়ৰ নবাব হুছেইন চাহৰ সৈন্য।


এনে সময়তে নীলাম্বৰ নৃপতিলৈ হঠাৎ এটা বাৰ্তা লৈ ৰাজ-দৰবাৰত উপস্থিত হুছেইন চাহৰ কটকী।
কটকীয়ে ক’লে,’ আমাৰ নবাবে যুদ্ধত হাৰ মানিছে। তেওঁ সকলো সৈন্য-সামন্ত লৈ নিজ ৰাজ্যলৈ উভতি যাব। কিন্তু নবাবৰ বিবি(ভাৰ্যা)য়ে এবাৰ আপোনাৰ ৰাণীক সাক্ষাৎ কৰিব বৰকৈ মন কৰিছে।
এনেয়ে কামৰূপৰ মানুহবোৰ সহজ-সৰল। নাৰীক সন্মান দি নিজকে ধন্য মানে আহিছে। ৰজা নীলাম্বৰৰো হয়তো তাৰ ব্যতিক্ৰম নাছিল।


তাৰ পাছত যি‌ হ’ল…
ৰজাৰ সন্মতিত তিৰোতাৰ বেশ ধৰি অজস্ৰ মুছলমান সেনাৰে ভৰি পৰিল নীলাম্বৰ ৰজাৰ অন্তঃপুৰ। তিৰোতাৰ বেশধাৰী নবাবৰ সেনাই ৰজাক বিনা বাধাৰে বন্দী কৰি এটা লোৰ সজাত ভৰাই ৰাখিলে। ৰাতি এক বিশ্বাসী লগুৱাৰ সহায়ত নীলাম্বৰ বন্দী সঁজাৰ পৰা কোনোমতে প্ৰাণ লৈ মুকলি হৈ পলাই গ’ল। মুছলমান সেনাপতিয়ে কমতাপুৰ দখল কৰি তাত ভালেমান সৈন্য -সামন্ত ৰাখি নিজৰ পুত্ৰক নবাবৰ প্ৰতিনিধি পাতি নিজ দেশলৈ উলটি যায়।


জেন এন শৰ্মাৰ এই লেখাৰ পৰা আপুনি কি বুজিলে মতামতৰে জনাওক।

Leave A Reply

Your email address will not be published.